Nameri National Park in Assam || নামেৰি ৰাষ্ট্ৰীয় উদ্যান ||

Nameri National Park
নামেৰি ৰাষ্ট্ৰীয় উদ্যান


















     নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্হিত | অসমৰ ভিতৰত ই তৃতীয়খন বৃহত ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিচিত | এই উদ্যানখন প্ৰায় ২০০ বৰ্গ কিলোমিটাৰৰ ঠাই আগুৰা উদ্যান | ইয়াত প্ৰায় ৬০০ ৰো অধিক প্ৰজাতিৰ উদ্ভিদ আছে বুলি জনা যায় | এই ৰাষ্ট্ৰীয় উদ্যানখনক ১৮৭৮ চনত সংৰক্ষিত বনাঞ্চল (Reserved Forest) হিচাপে ঘোষনা কৰিছিল | আকৌ ১৯৮৬ চনত অভ্যয়াৰণ্য (Sanctuary) হিচাপে ঘোষনা কৰিছিল |

    বনাঞ্চলৰ দাতি কাষৰীয়া অঞ্চলত জীৱ-জন্তু আৰু মানুহৰ সংঘাত, বেদখল আদিয়ে নামেৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰধান সমস্যা | ইয়াত প্ৰায় ৬০০ ৰো অধিক প্ৰজাতিৰ উদ্ভিদ আৰু ৩০০ ৰো অধিক প্ৰজাতিৰ চৰাই দেখা পোৱা যায় | ইয়াত পোৱা Golden Mashed নামৰ ৩ ৰ পৰা ৯ ফুট দৈৰ্ঘ্যৰ মাছৰ প্ৰজাতিয়ে বহুতো পৰ্য্যটকক আকৰ্ষিত কৰে |



জীৱ-জন্তু :  নামেৰি ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা বিভিন্ন প্ৰজাতীৰ জীৱ-জন্তু পোৱা যায় | যেনে- সৰীসৃপ, স্তন্যপায়ী, উদ্ভিদ আৰু চৰাইবোৰ আদি তলত ক্ৰমে উল্লেখ কৰা হল -

১) সৰীসৃপ : King Cobra, Cobra, Pit viper, Russels Viper, Indian Soft Shalled Turtle, Nerrow headed soft shalled tartle, Banded krait, Asian Leaf Turtle, Python, Keeled Box Turtle, Rat Snake, Malayan Box Turtle, Assam Roof Turtle আদি |







২) স্তন্যপায়ী প্ৰানী : গোধাফুটুকী বাঘ(Clouded leopard), নাহৰফুটুকী বাঘ(Leopard), ঢেকীয়াপতীয়া বাঘ(Tiger), শৰপহু(Sambar), হাতী(Elephants), বনৰীয়া মেকুৰী(Indian Jungle Cat), দল-হৰিনা(Barasingha), বনৰীয়া কুকুৰ(Asatic Loris), গাহৰি(Bear), কলা ভালুক(Himalaya Black Bear), লাজুকী বান্দৰ(Bengal Show Loris), কেৰ্কেটুৱা(Indian Giant Squirred) ইত্যাদি |

৩) উদ্ভিদ : Bhelou, Urium poma, Ajar, Agaru, Radraksha, Gmeline arborea, Hatipolia akhakan, Mesua ferrca, Michelia champaca, Chukrasia tabularis আদি |

৪) চৰাই : গংগা চিলনী(River Terri), ঘৰ বতাহী(House awift), দলমৰা(Pheasant Tailed Jacana), নাচনী চৰাই(White Throated Fantail), নীলা পাখি(Blue Bearded Beeater), মাছৰোকা(Kingfisher), হাৰুৱা কপৌ(Red Collared), টিক টিক চৰাই(Bright Headed Cisticola), ৰূপহী চমকা(Jerdon's Bushchat), ভাৰত পক্ষী(Lark), ধনেশ(Hornbill), ভাটৌ(Parrot), কেটেকী(Indian Cuckoo), ফেঁচা(owl), লক্ষী ফেচা(Barn Owl), চাপলিকা(Babbler),বৰবগ(Great Egret) আদি |









ভৌগোলিক স্হান : তেজপুৰৰ শালনি বিমানবন্দৰৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ দূৰত্ব ৩৪ কিঃমিঃ, তেজপুৰ চহৰৰ পৰা ৪০ কিঃমিঃ, গুৱাহাটিৰ পৰা ২২০ কিঃমিঃ, যোৰহাটৰ পৰা ২১৫ কিঃমিঃ আৰু নগাওঁ পৰা ১১০ কিলোমিটাৰ |  তদুপৰিও ৰাঙাপাৰা ৰেল ষ্টেচনৰ পৰা ২১ কিলোমিটাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ |